প্রতি বছৰে ৯ ডিচেম্বৰ দিনটো আন্তর্জাতিক দুর্নীতি নিবাৰণ দিৱস হিচাপে পালন কৰা হয় দুর্নীতি বিৰুদ্ধে জনসচেতনতা বঢ়াবলৈ । এই দিৱসৰ উদ্দেশ্য জনসাধাৰণক দুর্নীতিৰ বিৰুদ্ধে যুঁজখনত জয়ৰ লক্ষ্যৰে উদ্ভাৱন কৰা সমাধানসমূহৰ সৈতে কাম কৰিবলৈ উৎসাহিত কৰা ।
দুর্নীতি আজিকালি এটা সাধাৰণ বিষয় হৈ পৰিছে । কোনো অঞ্চল, সম্প্রদায় বা দেশ ইয়াৰ পৰা সাৰি যোৱা নাই । দুৰ্নীতিয়ে সমাজ ব্যৱস্থাৰ প্ৰতি আস্থা হ্রাস কৰে, অর্থনৈতিক বিকাশক বাধা দিয়াৰ লগতে বৈষম্য, দাৰিদ্র, সামাজিক বিভাজন আৰু পৰিবেশ সংকট অধিক বৃদ্ধি কৰে ।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০০৩ চনৰ ৩১ অক্টোবৰ তাৰিখে দুর্নীতিৰ বিৰুদ্ধে সম্মিলন আয়জনৰ সিদ্ধান্ত গ্রহণ কৰে । সেই উদ্দেশ্যে ইউনাইটেড নেচনচ্ অফিচ অন্ ড্ৰাগছ এণ্ড ক্ৰাইম (UNODC)ক ৰাজ্যিক দলসমূহে আহ্বান কৰা সম্মিলনৰ সচিব হিচাপে মনোনীত কৰা হৈছিল।
২০০৫ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৯ ডিচেম্বৰ দিনটোক দুর্নীতি নিবাৰণ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় । এই দিনটো সমগ্ৰ বিশ্বৰ ব্যাধি দুৰ্নীতিৰ বিৰুদ্ধে পালন কৰা এটা দিন ৷
- Log in to post comments
- 15 views