চীন আৰু নেপালে অলপতে যুটীয়াকৈ এটা আচৰিত ঘোষণা কৰিছে ৷ তেওঁলোকে দাবী কৰিছে যে এভাৰেষ্ট শৃংগৰ উচ্চতা আগতকৈ বৃদ্ধি পাইছে ৷ তেওঁলোকে ঘোষণা কৰা নতুন উচ্চতাটো হৈছে 8,848.86 মিটাৰ আৰু ই চীনে পূৰ্বতে ঘোষণা কৰা উচ্চতাতকৈ চাৰি মিটাৰ বেছি ৷ ১৯৫৪ চনত ভাৰতে কৰা জোখমাখ অনুসৰি ইয়াৰ উচ্চতা আছিল 8848 মিটাৰ আৰু তেনেকৈয়ে সকলোতে ব্যৱহাৰ কৰি অহা হৈছিল ৷ তাৰ পাছত ১৯৭৫ চনত চীনদেশে কৰা জৰীপ অনুসৰি ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা 8848.13 মিটাৰ পোৱা গৈছিল ৷ নেপাল চৰকাৰৰ পৰা প্ৰকাশিত বাতৰি অনুসৰি এভাৰেষ্টৰ উচ্চতাৰ তাৰতম্য সঘনাই হৈ থকা ভূমিকম্প আৰু আন আন পৰিৱেশৰ পৰিৱৰ্তনসমূহৰ বাবে হ’ব পাৰে ৷
- Log in to post comments
- 14 views