ৰাজ্যবাসীৰ তীব্ৰ বিৰোধিতা স্বত্বেও বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ অহা জানুৱাৰীৰ পৰা দেশজুৰি কাৰ্যকৰী কৰা হ'ব বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বই ঘোষণা কৰাৰ পিছতে পুনৰ সৰৱ হৈছে ৰাজ্যৰ দল-সংগঠনসমূহ। ইফালে,অহা ১২ ডিচেম্বৰত কা' আইন সংসদত গৃহীত কৰাৰ এটা বছৰ সম্পূৰ্ণ হ'ব।কা' আন্দোলন কৰিবলৈ গৈ পাঁচজনকৈ লোক শ্বহীদ হোৱাৰ পিছতো তেওঁলোকৰ মৃত্যুৰ কোনো তদন্ত নহ'ল।তাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ১২ ডিচেম্বৰত ৰাজ্যজুৰি গ্ৰহণ কৰিব গণহুংকাৰ কাৰ্যসূচী।প্ৰতিখন জিলাতে ডবা, শঙ্খ, ঢোল,তাল বজায় কা' বাতিল আৰু পুলিচৰ বৰ্বৰ হত্যাকাণ্ড ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিব উক্ত কাৰ্যসূচীত ।এখন প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে এই কথা ঘোষণা কৰিছে আছুৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উল্লেখ যে কা আন্দোলনত প্ৰাণ হেৰোৱা প্ৰতিগৰাকী শ্বহীদৰ প্ৰতিচ্ছবি সন্মুখত লৈ সকলো জিলাত ছাত্ৰ সন্থাই গ্ৰহণ কৰিব গণ হুংকাৰ।সন্ধিয়া শ্বহীদ বেদীত পাঁচোগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাব আছুৱে।
- Log in to post comments
- 34 views