দেশৰ প্ৰতিবাদী কৃষকে আহ্বান জনোৱা ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন জনালে ৰাজ্যৰ কৃষক সংগঠনসমূহে।ভাৰত বন্ধ সফল কৰাৰ বাবে গুৱাহাটীৰ বিভিন্ন স্থানত কৃষক সংগঠনসমূহে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণ গাঁও তিনিআলিৰ টি এ বি মেম'ৰিয়েল জাতীয় বিদ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলে বন্ধৰ সমৰ্থনত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।৬জনকৈ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা আটক কৰি দিছপুৰ থানালে লৈ আহে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে কৃষক বিৰোধী কৃষি আইন-২০২০ শীঘ্ৰে বাতিল কৰি কৃষকৰ দাবী মানি ল'বলৈ দাবী জনায় সংগঠনকেইটাই। উল্লেখ যে বেআইনীভাৱে প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ কৰাৰ বাবে উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগত কথা পাতি প্ৰতিবাদকাৰীসকলক আটক কৰা বুলি জানিবলৈ দিয়ে দিছপুৰ আৰক্ষীয়ে।
- Log in to post comments
- 3 views