গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰাবাসৰ সোণালী জয়ন্তী সামৰণি সমাৰোহ উদ্যাপন সমিতি"ৰ উদ্যোগত দেওবাৰে গুৱাহাটী কমাৰ্চ কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীয়ে উন্মোচন কৰে মৃণাল কুমাৰ বৰাৰ সদ্য প্ৰকাশিত কেম্পাচ্ নভেল "কমাৰ্চ পইণ্ট"। সোণালী জয়ন্তী সামৰণি সমাৰোহ উদ্যাপন সমিতিৰ সভাপতি গোকুল কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক যীশুৰঞ্জন চলিহাৰ আহ্বানমৰ্মে অনুষ্ঠিত সভাখনত মুখ্য অতিথিৰূপে যশস্বী গল্পকাৰ ইমৰাণ হুছেইন,নাট্যকাৰ পৰিচালক নয়ন প্ৰসাদ আৰু সন্মানীয় অতিথিৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা গুৱাহাটী কমাৰ্চ কলেজ পৰিচালনা সমিতি সভাপতি ড° ভাস্কৰজ্যোতি বৰা, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড° হোমেশ্বৰ কলিতা উপস্থিত থাকে৷ কমাৰ্চ কলেজৰ পটভূমিত জ্যেষ্ঠ সাংবাদিক মৃণাল কুমাৰ বৰাই লিখা গ্ৰন্থখনত আছে ১৭৫ পৃষ্ঠা।উপন্যাসখনত মোবাইল ফোনবিহীন সময়ৰ ছাত্ৰ জীৱনৰ আনন্দ,ভয় সংশয়,প্ৰেম হতাশা,জীৱনৰ আশা-আকাংক্ষাৰ লগতে সামাজিক-ৰাজনৈতিক চেতনা কিছু বিশেষ মুহূৰ্ত সন্নিৱিষ্ট হৈছে৷জনপ্ৰিয় নাট্যকাৰ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত অসমৰ ভিন্ন ক্ষেত্ৰৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷
- Log in to post comments
- 22 views