৯৮ বৰ্ষীয় এমডিএইচ মচলাৰ ‘দাদাজী’ ধৰমপাল গুলাটীৰ মৃত্যু

Dadaji

এমডিএইচ মচলাৰ মালিক ধৰমপাল গুলাটীক কোনে চিনি নাপায় ৷ আজি, বৃহস্পতিবাৰে পুৱা শেষ নিঃশ্বাস ত্যাগ কৰে ‘দাদাজী’য়ে ৷ তেওঁঁৰ বয়স হৈছিল ৯৮ বছৰ ৷ বার্ধক্যজনিত ৰোগত ভুগছিলে তেওঁ ৷ কিছুদিন ধৰি অসুস্থ আছিল গুলাটী ৷ বৃহস্পতিবাৰে পুৱা হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় ধৰমপাল গুলাটীৰ ৷

দূৰদৰ্শনত বিজ্ঞাপন বা মচলাৰ পেকেটৰ ওপৰত তেওঁৰ চিত্ৰৰ সৈতে পৰিচয় আছিল প্রত্যেকৰেই ৷ ১০ বছৰ আগতে নিয়মিত কাৰখানা, বজাৰ বা ডিলাৰসমূহৰ সৈতে কৰ্মত ব্যস্ত আছিল ধৰমপাল ৷ নিজ হাতেৰেই এমডিএইচ মচলা সংস্থাক সাফল্যৰ শিখৰলৈ নি সফল হৈছিল তেওঁ ৷ ব্যৱসায়ৰ লগতে বিভিন্ন সমাজসেৱাৰ কামতো  জড়িত আছিল তেওঁ ৷ এমডিএইচ মচলা সংস্থাৰ অনুদানতেই ২০খন বিদ্যালয় আৰু এখন চিকিৎসালয় নিৰ্মাণ হৈছে এতিয়ালৈকে ৷

ধৰমপালৰ পিতৃ চুনীলাল গুলাটীয়ে মচলাৰ এই ব্যৱসায় আৰম্ভ কৰিছিল। শিয়ালকোটৰ এখন সৰু দোকানৰপৰা  সুদীর্ঘ পথ পাৰ কৰি বর্তমানৰ এমডিএইচৰ সম্পত্তি প্রায় ১৫০০ কোটি টকাৰ তেখেতৰ এই যাত্ৰা। দেশ ভাগ হোৱাৰ পিছত পাকিস্তান এৰি দিল্লীৰ কেৰোলবাগত দোকান খুলিছিল ধৰমপালে ৷ ক্রমে দেশজুৰি গঢ়ি উঠিল তেওঁৰ ১৫টা কাৰখানা আৰু অসংখ্য ডিলাৰ । ডুবাই আৰু লণ্ডনতো অফিচ আছে এমডিএইচ-অৰ। সংস্থা চলোৱাৰ দায়িত্বভাৰ বৰ্তমান ধৰমপালৰ পুত্ৰৰ হাতত আছে ৷

Your Comments