২০২১ চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচন উপস্থিত থকাটো কামনা কৰি যোৱা ২৭ নৱেম্বৰৰ টেলিফোনিক বাৰ্তাত আনুষ্ঠানিকভাৱে মোদীয়ে নিমন্ত্ৰণ কৰে জনচনক ৷
আনহাতে, জনচনে তেওঁৰ ফালৰপৰা প্রধানমন্ত্রী মোদীক অহা বছৰ গ্ৰেট ব্ৰিটেইনত হ’ব লগা জি-7 সম্মিলনত যোগদান কৰিবলৈ আমন্ত্রণ জনাইছে বুলি জানিবলৈ দিয়ে।
ভাৰতৰ গণতন্ত্ৰ দিৱসত যোগ দিবলৈ অহা গ্ৰেট ব্ৰিটেইনৰ শেষৰজন প্ৰধানমন্ত্ৰী আছিল জন মেজৰ ৷ তেওঁ আহিছিল ১৯৯৩ চনত ৷
- Log in to post comments
- 16 views