অসম জাতীয় পৰিষদ (AJP)ৰ ৰাজ্যিক অভিৱৰ্তনৰ দিন চূড়ান্ত। ১৬ আৰু ১৭ ডিচেম্বৰত ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ'ব অভিৱৰ্তনখন।দুদিনীয়াকৈ হ'ব লগা অভিৱৰ্তনখনতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব এজেপিৰ কেন্দ্ৰীয় সমিতি। গুৰুত্বপূৰ্ণ শিৱসাগৰ অভিৱৰ্তনতে 'আছু'ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক প্ৰদান কৰা হ'ব এজেপিৰ দায়িত্ব। ইফালে বৃহস্পতিবাৰে এজেপিৰ আহ্বায়ক সমিতিয়ে সংবাদমেল যোগে শিৱসাগৰ অধিৱেশনৰ সবিশেষ ঘোষণা কৰিব।
- Log in to post comments
- 29 views