মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব পৰিষদ দাবী কমিটীৰে বুধবাৰে জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।মুুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ হৈ বৈঠকত উপস্থিত থাকে আইন উপদেষ্টা শান্তনু ভৰালী।
বিষ্ণুপ্রিয়া মণিপুৰী স্বায়ত্ব পৰিষদ গঠন কৰাৰ দাবীৰে অনুষ্ঠিত বৈঠকখনত সংগঠনটোৰ ফালৰ পৰা ২০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
বৈঠকত উপস্থিত থাকি সংগঠনটোৰ সচিব গোপীন্দ সিনহাই কয়-"কাছাৰ কৰিমগঞ্জ, হাইলাকান্দিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ বাবে সুকীয়া স্বায়ত্ব পৰিষদ গঠন কৰিব লাগে।তাৰ বাবে বিধানসভাৰ শীতকালিন অধিৱেশনত চৰকাৰে বিষ্ণুপ্রিয়া মণিপুৰী স্বায়ত্ব পৰিষদ বিধেয়ক উত্থাপনৰো দাবী জনায় সিনহাই।
উল্লেখ যে ২০১১ চনৰ লোকপ্ৰিয়লৰ তথ্য অনুসৰি অসমত ডেৰ লাখৰো অধিক বিষ্ণুপ্ৰিয়া মণিপুৰী লোকে বসবাস কৰে।
গুৰুত্বপূৰ্ণ যে পূৰ্বতেও সংগঠনটোৱে সুকীয়া স্বায়ত্ব পৰিষদ দাবী জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে সচিবগৰাকীয়ে।
ইফালে বৈঠকৰ অন্তত বিষয়টো আগবঢ়াই নিয়াৰ আশ্বাস প্ৰদান কৰে ভৰালীয়ে।লগতে মুখ্যমন্ত্ৰীৰো বিষয়টো সমাধান কৰাত আশ্বাস থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সংগঠনটোৰ সচিবগৰাকীয়ে।
উল্লেখ যে বিটিচি নিৰ্বাচনৰ পিছতে বিষয়টো আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে।বিষয়টো নিৰ্বাচনৰ পূৰ্বে সমাধান নহ'লে সংগঠনটোৱে পৰৱৰ্তী কাৰ্যসূচী শীঘ্ৰে ঘোষণা কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।
- Log in to post comments
- 23 views