ৰাজ্যৰ দ্বিতীয় বৃহৎ জিলা সংগ্ৰহালয়ৰ ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

Cm

১৯৮৭ চনৰ ১৬ মাৰ্চ তাৰিখেই সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰা হয় ৷ বুধবাৰে এই ভৱনটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

উল্লেখযোগ্য যে শতাধিক জনজাতীয় নৃতাত্বিক সমল, প্ৰস্তৰ মূৰ্ত , পোৰামাটিৰ টুকুৰা, তুলাপাত , সাঁঁচিপাতৰ পুথি, ঐতিহাসিক মুদ্ৰা, মুখা, বিভিন্ন জাতি জনগোষ্ঠীৰ বস্ত্ৰ,অস্ত্ৰ-শস্ত্ৰবৌদ্ধ ধৰ্মীয় সামগ্ৰী, কাঠত খোদিত পৌৰাণিক শিল্পজাত সামগ্ৰী আদি সংগৃহীত হৈ থকা এই সংগ্ৰহালয়টোৰ কোনো স্থায়ী ভৱন নথকাৰ ফলত সময়ে সময়ে স্থানান্তৰ কৰিব লগা হৈছিল সংগ্ৰহালয়টো ৷

ডিব্ৰুগড় জিলা সংগ্ৰহালয়টো গুৱাহাটীৰ পিছতে ৰাজ্যৰ দ্বিতীয়টো বৃহৎ জিলা সংগ্ৰহালয় হ’ব ৷ আশা প্ৰকাশ কৰা হৈছে যে এই সংগ্ৰহালয়ৰ জৰিয়তে পৰ্যটক, ছাত্ৰ-ছাত্ৰী, গৱেষক সকলো লাভান্বিত হ’ব ৷

Your Comments