আজি ২ ডিছেম্বৰ, অৰ্থাৎ আজি বৰ অসমৰ ভেটি গঢ়োতা মহান স্বৰ্গদেউ “চাওলুং চ্যুকাফা”ক সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিব ৷
“ম্যুং ডুন চুন খাম” গঢ়াৰ লক্ষ্যৰে দক্ষিন য়ুনান প্ৰদেশৰ মাওলুঙৰ পৰা আহি ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰ খণ্ডত প্ৰবেশ কৰি মহান আহোম সাম্ৰাজ্যৰ পাতনি মেলা স্বৰ্গদেউ চ্যুকাফা যেন আজি দিছপুৰৰ হাততেই অৱহেলিত ৷ ২ ডিছেম্বৰৰ তাৰিখটো অসম চৰকাৰে অসম দিৱস হিচাপে পালন কৰি আহিছে যদিও অতি পৰিতাপৰ কথা এই যে - আহোম ৰাজ্যৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চ্যুকাফাৰ মৈদামটোৰ সংৰক্ষণৰ ব্যৱস্থা আজিকোপতি কৰা নহ’ল। সংৰক্ষণ দুৰৰে কথা গৱেষক পণ্ডিতসকলে চিনাক্ত কৰি দিয়া মৈদামটোক বিগত ৫ বছৰে কোনো স্বীকৃতি নিদিলে পুৰাতত্ত্ব বিভাগে ৷ যিটো কাম ৰাজ্যৰ পুৰাতত্ত্ব বিভাগে কৰিব লাগিছিল সেইটো কাম তাই পণ্ডিতসকলে নিজাববীয়াকৈ কৰি দিয়াৰ পাছতো নিষ্কৰ্মা পুৰাতত্ত্ব বিভাগে মৈদামটোক চৰকাৰী স্বীকৃতি দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।
ৰাজ্য চৰকাৰৰ তৰফৰপৰা অসম দিৱসৰ দিনা বাতৰি কাকতত মন্ত্ৰীৰ ফট’ সহিতে স্বৰ্গদেউলৈ শ্ৰদ্ধা জনাই দুষাৰ কথা লিখি তাতেই দায়িত্ব সামৰাৰ পৰিৱৰ্তে ২০১৫ চনত ৰাজ্যৰ একাংশ বুৰঞ্জীবিদ আৰু ইতিহাসবিদে বহু গৱেষণা আৰু জৰীপৰ অন্তত স্বৰ্গদেউ চ্যুকাফা আৰু তেখেতৰ তিনি পুত্ৰৰ মৈদাম তিনিটা চিনাক্তকৰণ কৰি দিছিল ৷ পিছে পৰিতাপৰ কথা এই যে তাৰ পাঁচ বছৰ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগে সংৰক্ষণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ তাতোকৈও আশ্চৰ্যজনক কথা যে মৈদামৰ মাটি বেদখল কৰি স্থাপন কৰা চাহ বাগানৰো উচ্ছেদৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এইখন ফটাঢোল কোবোৱা চৰকাৰে ৷ আৰু কিছুদিন পাছত অসমীয়াৰ চকুৰ আগতে মাটিত পোত যাব অসমীয়াৰ স্বাভিমান স্বৰ্গদেউ চ্যুকাফাৰ মৈদাম ৷
- Log in to post comments
- 13 views