মধ্যপ্ৰদেশ,উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহত 'লাভ-জিহাদ'ক লৈ তাৰ বিপক্ষত আইন প্ৰস্তুত কৰাৰ সময়তে অসমত বিজেপি চৰকাৰে অতি বুদ্ধিমত্তাৰেই একে আইন প্ৰণয়ন কৰিলে অন্য ব্যাখ্যাৰে ৷
এই নতুন আইন অনুসৰি বিবাহৰ পঞ্জীয়নৰ এমাহ পূৰ্বে বিবাহ প্ৰাৰ্থী দুজনে জমা দিব লাগিব নিজৰ ধৰ্ম,পৰিয়াল আৰু আয়ৰ বিষয়ে সবিশেষ তথ্য।মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি এই আইন যদিও মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ দৰে একেই,ইয়াৰ উদ্দেশ্য সেইকেইখন ৰাজ্যৰ আইনৰ দৰে নহয় অৰ্থাৎ 'লাভ জিহাদ'ৰ অনুসন্ধানৰ বাবে নহয় ৷ বৰঞ্চ এই আইনৰ দ্বাৰা আমাৰ ভগ্নীসকলৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্য ৷ বিবাহপ্ৰাৰ্থী ল’ৰাজন কোনো বে-আইনী ব্যৱসায়ত জড়িত থাকি কন্যা পক্ষক আভুৱা ভাঁঁৰিবলৈ বিচাৰিলে, তাৰপৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰা হৈছে এই আইন বুলি মন্তব্য কৰে মন্ত্ৰীজনে।
- Log in to post comments
- 29 views