সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ গ্ৰহণ নকৰে মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।জ্যেষ্ঠ নেতাগৰাকীয়ে 'আছু' ত্যাগ নকৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্ব আৰু শপত গ্ৰহণ অনুষ্ঠানত।
দুলীয়াজানৰ সপ্তদশ অধিৱেশনত আছু ত্যাগ কৰিব বুলি ডঃ ভট্টাচাৰ্য প্ৰতিনিধি সভাত ঘোষণাৰ পাছতে আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছিল।সদস্যসকলে জ্যেষ্ঠ নেতাজনক আছু ত্যাগ নকৰিবলৈ আহ্বান জনাইছিল।প্ৰতিনিধিসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভট্টাচাৰ্যই বিষয়টোৰ বিবেচনাৰ বাবে সময় বিচাৰিছিল।বিবেকক সুধি ভট্টাচাৰ্যই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।
গুৰুত্বপূৰ্ণ যে আছু ত্যাগ নকৰোঁঁ বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে ভট্টাচাৰ্যই পুনৰ মুখ্য উপদেষ্টা হিচাপে থকাৰ বাবে প্ৰস্তুত বুলিও প্ৰকাশ কৰে।অৱশ্যে উপদেষ্টাৰ দায়িত্ব সন্দৰ্ভত কাৰ্যনিৰ্বাহক সভাইহে সিদ্ধান্ত ল'ব।
- Log in to post comments
- 13 views