আমেৰিকাৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি পদত জিলিকিল ভাৰতীয় মূলৰ কমলা হেৰিছ ৷
হেৰিছে আমেৰিকাৰ প্ৰথম মহিলা উপ-ৰাষ্ট্ৰপতি হোৱাৰ অভিলেখ গঢ়াৰ উপৰিও ভাৰতীয় মূলৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ৷ কমলাই ডেম’ক্ৰেট দলৰ হৈ নিৰ্বাচনী যুঁজত নামিছিল ৷
কমলা হেৰিছৰ পিতৃ আছিল জামাইকান মূলৰ অৰ্থনীতিবিদ তথা ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ড’নাল্ড হেৰিছ আৰু মাতৃ বায়’মেডিকেল বিজ্ঞানী চেন্নাইৰ শ্যামলা গোপালন ৷
- Log in to post comments
- 50 views