দ্বিতীয় বিশ্বযুদ্ধৰ দৰেই ইতিহাসৰ এক অধ্যায় হৈ ৰ’ব ক'ভিড-১৯ মহামাৰী।শুকুৰবাৰে ভাৰত-ইটালীৰ ভার্চুৱেল সম্মিলনত এইদৰে মন্তব্য কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।
সম্মিলনখনত মোদীৰ লগতে উপস্থিত আছিল ইটালীৰ প্রধানমন্ত্রী জিউচেপ কন্তে।মহামাৰীৰ কাৰণে ইটালীত হোৱা মৃত্যু আৰু ক্ষয়-ক্ষতিৰ বাবে ভাৰতবাসীৰ হৈ সমবেদনা জনাই মোদীয়ে।
সম্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইতিহাসৰ এক ভয়ংকৰ অধ্যায় হৈ চিৰস্মৰণীয় হৈ ৰ’ব ক’ভিড মহামাৰী,ঠিক যিদৰে দ্বিতীয় বিশ্বযুদ্ধ হৈ ৰৈছে।ক’ভিড মহামাৰীক মানি লৈ পৰৱর্তী সময়ত পৃথিৱীবাসী আগবাঢ়িব লাগিব।এই পৰিস্থিতিৰ মাজত থাকিয়েই সকলো সুযোগৰ ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰত্যাহ্বানৰ মুখামুখী হ'ব লাগিব।
কঠিন সংকট পাৰ কৰি আহি দ্রুত স্বাভাৱিক জীৱন ঘূৰাই অনাৰ বাবে ইটালীবাসীক অভিনন্দন জনাই মোদীয়ে লগতে ইটালী চৰকাৰৰ শলাগ লয়।
- Log in to post comments
- 11 views