মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আসনখনৰ যথেষ্ট ওচৰ চাপিছে ডেম'ক্ৰেটিক প্ৰাৰ্থী জো বিডেন।ইলেকট্ৰ'ৰেল ভোটৰ সংখ্যাগৰিষ্ঠতাৰ মেজিক নাম্বাৰ ২৭০ স্পৰ্শ কৰিবলৈ ৬ বাকী বিডেনৰ।অৰ্থাৎ,বিডেনে ২৬৬ টা ইলেকট্ৰ'ৰেল ভোট লাভ কৰিছে।আনহাতে,ডোনাল্ড ট্ৰাম্পে বৰ্তমানলৈ লাভ কৰিছে ২১৪ টা ইলেকট্ৰ'ৰেল ভোট।কিন্তু, এতিয়াও ৰিপাব্লিকান ট্ৰাম্পৰ সুযোগ আছে।তিনিখন যথেষ্ট সংখ্যক ইলেকট্ৰ'ৰেল ভোট থকা ৰাজ্যত ট্ৰাম্প আগবাঢ়ি আছে আৰু সেইকেইখন ৰাজ্যত জয়লাভ কৰিলে ট্ৰাম্প সংখ্যাগৰিষ্ঠতাৰ ওচৰ চাপিবগৈ পাৰে।গতিকে,অন্তিমটো ভোট গণনালৈকে প্ৰতিদ্বন্দিতা চলিব বুলি আশা কৰা হৈছে।
- Log in to post comments
- 38 views