ভাৰতত পুনৰ বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ।থিংক টেংক "চেন্টাৰ ফ'ৰ মণিটৰিং ইণ্ডিয়ান ইক'ন'মীৰ"ৰ তথ্য মতে যোৱা অক্টোবৰ মাহত দেশত নিবনুৱাৰ হাৰ ৬.৯৮ শতাংশ হয়গৈ।ছেপ্টেম্বৰত এই হাৰ আছিল ৬.৬৭ শতাংশ।'লকডাউন' শিথিল কৰাৰ পিছত বিগত কেইটামান মাহত দেশত নিবনুৱাৰ হাৰ ক্ৰমাৎ নিম্নগামী হৈছিল যদিও অক্টোবৰ মাহত ই পুনৰ উৰ্ধমুখী হোৱাত উদ্বেগৰ বিষয় হৈছে।গ্ৰামীণ এলেকাত অস্থায়ী কৰ্মসংস্থাপন হ্ৰাস পোৱাটো দেশত নিবনুৱাৰ হাৰ অথবা সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে।
- Log in to post comments
- 11 views