২০২১ চনত ভাৰত বায়’টেকে তৈয়াৰ কৰি উলিয়াব ক’ভাক্সিন

Covaxin

ইণ্ডিয়ান ৰেগুলেটৰী অথ'ৰিটীৰ পৰা অনুমোদন লাভ কৰিলে ২০২১ চনত “ভাৰত বায়’টেক”-এ ক’ভিড ১৯ ৰোগৰ প্ৰতিষেধক মুকলি কৰিব।এই কথা কোম্পানীটোৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দিছে ৷

কোম্পানীটোৱে ক’ভাক্সিন নাম ৰখা প্ৰতিষেধকটো INDIAN COUNCIL OF MEDICAL RESEARCH চমুকৈ ICMR আৰু NATIONAL INSTITUTE OF VIROLOGY চমুকৈ NIV ৰ সহযোগত প্ৰস্তুত কৰি থকা হৈছে। ভাৰত বায়’টেকৰ শীৰ্ষস্থানীয় বিষয়া ছাই প্ৰসাদে কয় যে তেওঁলোকে প্ৰতিষেধকটোৰ ওপৰত শেষৰ পৰ্যায়ৰ পৰীক্ষা-নিৰীক্ষাসমূহ চলাই থকা গৈছে ৷ কৃতকাৰ্যতাৰে এইখিনি শেষ হ’লেই অহা বছৰত মুকলি কৰি দিব পৰা যাব প্ৰতিষেধকটো।

ছাই প্ৰসাদে লগতে ইয়াকো কয় যে চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডলৈকে যোগান ধৰিবলৈ চেষ্টা কৰি থকা প্ৰতিষেধকটোৰ বজাৰ মূল্য অদ্যপি নিৰ্ধাৰণ কৰা হোৱা নাই ৷  

Your Comments