ক'ৰ'না সংক্ৰমণক লৈ চীনৰ পৰা আহিছে উদ্বেগজনক খবৰ।চীন চৰকাৰৰ মুখ্য স্বাস্থ্য পৰামৰ্শদাতা ডাঃ ঝং
নেংছনে মত প্ৰকাশ কৰিছে বিশ্বত অদূৰ ভৱিষ্যতত ক'ৰ'না সংক্ৰমণৰ পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা আছে।কেইবাখনো দেশত ইতিমধ্যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আহিছে।কিন্তু,তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয় যে চীনত ক'ভিড-১৯ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ অহাৰ সম্ভৱনা যথেষ্ট কম।ক'ৰ'নাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চীনৰ স্বাস্থ্য ব্যৱস্থা যথেষ্ট মজবুত বুলি তেওঁ কয়।উল্লেখ্য যে চীনৰ য়ুহান মহানগৰৰ গৱেষণাগাৰৰ পৰাই বিশ্বত ক'ৰ'না ভাইৰাছ বিয়পি পৰিছিল বুলি অভিযোগ উঠি আহিছে।
- Log in to post comments
- 23 views