শীতকালত মানালিৰপৰা লেহলৈকে পথচোৱা প্ৰৱল হিমপাতৰ বাবে ছমাহ পৰ্যন্ত বন্ধ হৈ থাকে ৷ ২০০০চনত তৎকালীন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই পথচোৱাৰ বাবে সুৰংগ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ছয় বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা কৰা হৈছিল যদিও সুৰংগটো সম্পূৰ্ণ কৰিবলৈ দহ বছৰ সময়ৰ প্ৰয়োজন হয় ৷
উল্লেখ্য যে ২০১০চনৰ ২৮জুনত নিৰ্মাণ-কাৰ্য আৰম্ভ কৰা এই সুৰংগ পথটোৰ দৈৰ্ঘ ৯.০২ কিলোমিটাৰ ৷ দৈনিক ৩০০০গাড়ী অহা-যোৱা কৰিব পাৰিব এই পথেৰে ৷প্রাক্তন প্ৰধানমন্ত্ৰী,ভাৰত-ৰত্ন অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত “অটল টানেল" নামেৰে নামাকৰণ কৰা এই সুৰংগ পথটোৱে মানালিৰপৰা লেহৰ দূৰত্ব ৪৬কিলোমিটাৰ হ্ৰাস কৰিব ৷
৩অক্টোবৰ শনিবাৰে হিমাচল প্ৰদেশৰ ৰহ্টাঙত অৱস্থিত সুৰংগ পথটো মুুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
- Log in to post comments
- 18 views