আজি গান্ধী জয়ন্তী।জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্মদিৱস।আজিৰ দিনটোতে ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত মোহনদাস কৰমচাঁদ গান্ধীৰ জন্ম হৈছিল।গান্ধী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ
কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৱাই ৰাজঘাটত গান্ধীজীলৈ শ্ৰদ্ধাঞ্জলি জনায়।ৰাষ্ট্ৰপতিয়ে দেশৰ জনতাক সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰিবলৈ আহ্বান জনায়।আনহাতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে মহাত্মা গান্ধীয়ে এখন 'আত্মনিৰ্ভৰ ভাৰত'ৰ সপোন দেখিছিল।গান্ধী জয়ন্তীত দেশৰ সকলো শ্ৰেণীৰ লোকে জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।
- Log in to post comments
- 15 views