ক'ভিড ১৯ৰ ভয়াৱহতাই নিঃশেষ কৰিব পাৰে বুলি আশংকা কৰা হৈছিল আন্দামানৰ কম জনসংখ্যাৰ আদিম জনগোষ্ঠী Great Andamanese Tribe(GAT)৷ তথ্য অনুসৰি এটা আচুতীয়া দ্বীপত বাস কৰা এই জনগোষ্ঠীটোৰ জনসংখ্যা মাত্ৰ ৫০জন মানহে।
আগষ্ট মাহত প্ৰথমবাৰলৈ সেই অঞ্চলৰ ১১জন ব্যক্তি ক'ভিড ১৯ ৰোগত আক্ৰান্ত হৈছিল ৷ লাহে লাহে এই ৰোগে সকলোকে আক্ৰান্ত কৰিছিল যদিও বহুকেইজন ব্যক্তি সুস্থ হৈ উঠা বুলি খবৰ পোৱা গৈছে।
বিভিন্ন ৰোগ,অত্যধিক নিচাযুক্ত পানীয়ৰ সেৱন,একে জনগোষ্ঠীৰ লোকৰ মাজতে বিয়া হোৱাৰ প্ৰৱণতা আদিবোৰৰ বাবে জনগোষ্ঠীটোৰ জনসংখ্যা কমি গ’ল লাহে লাহে ৷
এতিয়া ক'ভিডৰ ভয়াৱহতায়ো সেই জলগোষ্ঠীটোকে আৰম্ভ কৰি অন্যান্য বহুকেইটা জনগোষ্ঠীৰ লোকলৈ অস্তিত্বৰ শংকা নমাই আনিছে ৷
- Log in to post comments
- 58 views