পূব-লাডাখত সীমান্ত এলেকাত ভাৰতীয় সেনাক এতিয়া সহায় কৰিব বেক্ট্ৰিয়ান উটে

Bektriyan Camel

উত্তেজনা বিৰাজ কৰি থকা পূব লাডাখৰ ভাৰত-চীন সীমান্তৰ সমীপত এতিয়া ভাৰতীয় সেনাক সহায় কৰিব উটে।দুটা কুজ থকা বিশেষ প্ৰজাতিৰ এই উটবিধৰ নাম 'বেক্ট্ৰিয়ান উট'।পূব লাডাখৰ পৰ্বতীয়া কঠিন পৰিস্থিতিৰ সৈতে অভ্যস্ত এই উটবিধক ভাৰতীয় সেনাই ব্যৱহাৰ কৰিব পেট্ৰ'লিং কৰা কাৰ্যত আৰু মাল-বস্তু কঢ়িওৱাত।উল্লেখ্য যে এটা বেক্ট্ৰিয়ান উটে ১৭০ কিল'গ্ৰাম ওজন ১৭,০০০ ফুট উচ্চতালৈকে কঢ়িয়াব পাৰে।এই উটবিধে ৭২ ঘণ্টালৈকে খোৱাপানী অবিহনে জীয়াই থাকিব পাৰে।

Your Comments