"বিশ্বত এনে কোনো শক্তি নাই,যি চীন সীমান্তত ভাৰতীয় সেনাৰ পেট্ৰ'লিং বন্ধ কৰি দিব পাৰে"-ৰাজনাথ সিং

Rajnath Singh

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যসভাত বক্তব্য প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।তেওঁ কয় যে সীমা বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ ভাৰত দায়বদ্ধ।সিঙে মন্তব্য কৰে যে চীনক ৰাজনৈতিক আৰু কূটনৈতিক মাধ্যমৰে জনাই দিয়া হৈছে যে যথাস্থিতিৰ পৰিৱৰ্তন কৰাৰ যিকোনো একপক্ষীয় পদক্ষেপ গ্ৰহণযোগ্য নহ'ব।ৰাজ্যসভাত প্ৰতিৰক্ষা মন্ত্ৰীজনে দৃঢ়তাৰে কয়-"বিশ্বত এনে কোনো শক্তি নাই,যি চীন সীমান্তত ভাৰতীয় সেনাৰ পেট্ৰ'লিং বন্ধ কৰি দিব পাৰে।"

Your Comments