নিৰস্ত্ৰ যুৱকৰ ওপৰত আৰক্ষীৰ গুলীচালনা:কৃষ্ণাংগৰ প্ৰতিবাদত জ্বলিছে আমেৰিকা

America Burns

পুনৰ জ্বলি উঠিছে আমেৰিকা।কেন'ছা চহৰত জেকব ব্লেক নামৰ এজন নিৰস্ত্ৰ কৃষ্ণাঙ্গ যুৱকৰ ওপৰত যোৱা ২৩ আগষ্টত  সন্ধিয়া এজন আৰক্ষীয়ে সাতজাঁইকৈ গুলী চলোৱাক লৈ আমেৰিকাৰ প্রান্তে প্রান্তে এতিয়া কৃষ্ণাঙ্গৰ প্ৰতিবাদৰ জুই।কেন'ছা চহৰত ইতিমধ্যে নিগ্ৰ' সম্প্ৰদায়ৰ লোকসকলে ব্যাপক প্ৰতিবাদ কৰিছে।চহৰখনত ব্যাপক হিংসাত্মক কাৰ্যতো লিপ্ত হৈছে একাংশ প্ৰতিবাদী।কেন'ছাত জ্বলাই দিয়া হৈছে  শতাধিক গাড়ী।

America

উল্লেখ্য যে বৰ্তমান জেকব ব্লেকৰ অৱস্থা সংকটজনক।২৯ বছৰীয়া আৰু তিনিটা শিশু সন্তানৰ পিতৃ ব্লেকৰ পাৰিবাৰিক বিবাদ সংক্ৰান্তত যুৱকজনক আৰক্ষীয়ে গুলীয়াইছিল।স্মৰ্তব্য যে তিনি মাহৰ পূর্বেও এজন কৃষ্ণাঙ্গ যুৱকক আৰক্ষীয়ে হত্যা কৰাক লৈ প্ৰধানকৈ নিগ্ৰ' সম্প্ৰদায়ৰ প্ৰতিবাদত জ্বলি উঠিছিল আমেৰিকা।

Your Comments