মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ডাউড ইব্ৰাহীম পাকিস্তানতে আছে:স্বীকাৰ কৰিবলৈ বাধ্য হ'ল পাকিস্তান চৰকাৰ

Daud Ibrahim

অৱশেষত পাকিস্তানে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে কুখ্যাত মাফিয়া ডন,সন্ত্ৰাসবাদী আৰু ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড,ডাউড ইব্ৰাহীম পাকিস্তানতে আছে।পাকিস্তানৰ কৰাচী মহানগৰত ডাউডে বাস কৰি আছে বুলি পাকিস্তান চৰকাৰে প্ৰকাশ কৰা এখন তালিকাত উল্লেখ আছে।বিগত সময়ত মিছলীয়া ৰাষ্ট্ৰ পাকিস্তানে বাৰম্বাৰ অস্বীকাৰ কৰি আছিল যে ডাউড ইব্ৰাহীম পাকিস্তানতে আছে।ভাৰত চৰকাৰে বহু বছৰৰ পৰা কৈ আহিছিল যে ডাউড পাকিস্তানৰ কৰাচীতে আছে।উল্লেখ যে আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় সংস্থা এফএটিএফৰ 'গ্ৰে লিষ্ট'ৰ পৰা বাহিৰ ওলোৱাৰ বাবেই ডাউড পাকিস্তানত থকাৰ কথা পাক চৰকাৰে স্বীকাৰ কৰিছে।পাকিস্তানে ডাউদকে ধৰি মুঠ ৮৮ টা সন্ত্ৰাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

Your Comments