চীন আৰু টাইৱানৰ মাজত উত্তেজনা তুংগত:চীনৰ আক্ৰমণৰ ভাবুকি

Taiwan Fighter Plans

#ৰাজকমল চাংকাকতি#

*টাইৱানক যিকোনো পৰিস্থিতিত সুৰক্ষা দিয়া হ'ব-আমেৰিকা*

চীন আৰু টাইৱানৰ মাজত উত্তেজনা তুংগত উঠিছে।শেহতীয়াকৈ আগ্ৰাসনকামী চীনৰ যুঁজাৰু বিমানে টাইৱানৰ বায়ু সীমাত একাধিকবাৰ প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজত সম্পৰ্কৰ সম্পূৰ্ণ অৱনতি ঘটিছে।টাইৱানে চীনক সকীয়াই দি চীনৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈছে।টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশখনৰ যুঁজাৰু বিমান,টেংক আৰু যুদ্ধ জাহাজৰ প্ৰস্তুতিৰ এটা ভিডিঅ' প্ৰকাশ কৰি চীনক সকীয়াই দিছে।ইফালে,টাইৱানে আমেৰিকাৰ পৰা ৯০ খন এফ-১৬ বিমান ক্ৰয় কৰিবলৈ ওলাইছে।এই কথাত চীন খৰ্গহস্ত হৈ পৰিছে।চীনে টাইৱানক চৰম ভাবুকি প্ৰদান কৰিছে যে যদি টাইৱানে আমেৰিকাৰ পৰা যুঁজাৰু বিমান ক্ৰয় কৰে,তেন্তে টাইৱানৰ বিমানবন্দৰ ধ্বংস কৰি দিয়া হ'ব।

Pic

ইফালে,আমেৰিকাৰ উপ-বিদেশ মন্ত্ৰীয়ে কৈছে যে আমেৰিকাই যিকোনো পৰিস্থিতিত টাইৱানক সুৰক্ষা দিবলৈ বদ্ধপৰিকৰ।গতিকে,টাইৱানক লৈ এতিয়া আমেৰিকা আৰু চীনৰ মাজতো উত্তেজনা বৃদ্ধি পাইছে।

Your Comments