বাংলাদেশক ক'ৰ'না ভেকচিন প্ৰদান কৰি সহায় কৰিব ভাৰত চৰকাৰে

Corona Vaccine

ক'ৰ'না সংকটৰ সময়ত বাংলাদেশলৈ ভাৰতৰ সহায়ৰ হাত।বাংলাদেশক ভাৰত চৰকাৰে প্ৰদান কৰিব ক'ৰ'না ভেকচিন।বৰ্তমান বাংলাদেশ ভ্ৰমণৰত ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলাই ঢাকাত বাংলাদেশৰ বৈদেশিক সচিব মাছুদ বিন মমেনক এই আশ্বাস দিয়ে।বাংলাদেশৰ বৈদেশিক সচিবজনে এই কথা প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে বাংলাদেশে ইতিমধ্যে চীনত নিৰ্মিত ভেকচিন এটাৰো দেশখনত মানৱ শৰীৰৰ ওপৰত তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলোৱাৰ অনুমতি প্ৰদান কৰিছে।

Your Comments