'অসমৰ ৰাইজে মোক অফুৰন্ত মৰম দিছিল, মহামাৰীৰ অন্ত পৰাৰ পিছত ভগৱানে বিচাৰিলে অসমলৈ এপাক মাৰিম।’-এই মন্তব্য দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ।
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে শেহতীয়াকৈ লিখিছিল বিশেষ পত্ৰ।পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসমৰ বাবে বিশেষ বান সাহায্য প্ৰদান কৰিবলৈও দাবী জনাইছিল এইচ ডি দেৱেগৌড়াই।উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ বিভীষিকা।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীক টেলিফোন যোগে বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।
- Log in to post comments
- 55 views