নিউজ ডেস্ক-
লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ হিংস্ৰ সংঘৰ্ষৰ পৰা এটা কথা স্পষ্ট হৈছে যে চীনে দীঘলীয়া সময়ৰ পৰা ভাৰতীয় সৈনিকৰ ওপৰত প্ৰতিশোধ ল’বলৈ চেষ্টা কৰি আছে।চীনৰ সৈতে বিবাদৰ মাজত এতিয়া পোহৰলৈ আহিছে কিছু চেটেলাইট ফটো,য’ত চীনে উত্তৰ পূৱ লাডাখত গালৱান নদীৰ সোঁত প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আছে। কোৱা হৈছে যে চীনে বুলডজাৰেৰে দিনে-নিশাই কাম কৰি আছে। চীনে যি ঠাইত গালৱান নদীৰ সোঁত সলনি কৰিবলৈ চেষ্টা কৰি আছে সেয়া হিংসাত্মক বিবাদ হোৱা ঠাইৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰৈত আছে।
Planet Lab Incৰ তৰফৰ পৰা জাৰি কৰা ফটোত দেখা গৈছে যে চীনা পক্ষই বুলডজাৰেৰে বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত একেৰাহে কাম কৰি আছে।বুলডজাৰ চলোৱাৰ ফলত গালৱানৰ নদীৰ সোঁতত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে।ছেটেলাইট ফটোত গালৱান নদীৰ সমীপত চীনে যথেষ্ট সংখ্যক ট্ৰাক,সেনা পৰিবহন কৰা আৰু বুলডজাৰ দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে পূব লাডাখৰ গালৱান ঘাটীত ভাৰতীয় আৰু চীনা সেনাৰ হিংস্ৰ সংঘৰ্ষৰ কাৰণে চীনৰ লগতে প্ৰায় ৩৫০০কিলোমিটাৰৰ সীমাত ভাৰতীয় থল সেনা আৰু বায়ু সেনাক এলাৰ্ট কৰি দিয়া হৈছে।গালৱান ঘাটিত ১৫ জুনৰ নিশা চীনা সৈন্যই বিশ্বাসঘাটকতাৰে কৰা আক্ৰমণত ভাৰতৰ ২০জন সৈনিক ছহীদ হৈছিল।আনহাতে, ভাৰতীয় সৈন্যই চীনৰ ৫০ জন সৈন্যক নিধন কৰি যথোচিত প্ৰত্যুত্তৰ দিছিল।
- Log in to post comments
- 25 views