আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে আজিৰ দিনটো একত্ৰিত হোৱাৰ দিন।আজিৰ দিনটো বিশ্ববন্ধুত্বৰ বাৰ্তাবাহক এটা দিন।তেওঁ কয় যে যোগসাধকে সংকটত কেতিয়াও ধৈৰ্য্য হেৰুৱাই নেপেলায়।সফলতা-বিফলতা,অনুকূলতা-প্ৰতিকূলতা,সুখ-সংকট,সকলো পৰিস্থিতিতে স্থিতপ্ৰজ্ঞ হৈ থকাৰ নামেই হৈছে যোগ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে যে ক'ৰ'না সংক্ৰমণৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত যোগাভ্যাস সহায়ক বিবেচিত হৈছে।
- Log in to post comments
- 8 views