ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে ক্ৰমাৎ সম্পৰ্কৰ অৱনতি ঘটিছে ভাৰত-চীনৰ।লাডাখত চীন আৰু ভাৰতৰ মাজত হোৱা সোমবাৰৰ সংঘৰ্ষৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছে সৰ্বদলীয় বৈঠকৰ।সমগ্ৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ বাবে ১৯জুনত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক।
দেশৰ সকলো দলৰ মুৰব্বীসকলে সন্ধিয়া পাঁচ বজাত ভিডিঅ' কনফাৰেন্সঙিৰৰ জড়িয়তে অংশগ্ৰহণ কৰিব পাৰিব বৈঠকত।এই কথা টুইটযোগে অৱগত কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।
উল্লেখ যে সোমবাৰৰ সংঘৰ্ষত ভাৰতৰ ২০ জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে চীনৰ ৪৩জন জোৱান আহত আৰু নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে সংবাদ মাধ্যমত।
- Log in to post comments
- 19 views