পূব লাডাখৰ গেলৱান উপত্যকাত চীনৰ সেনাই ১৫ জুনৰ নিশা ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলায়।ভাৰতীয় সেনাই এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিওঁতে ৪৩ জন চীনা সৈন্য নিহত আৰু আহত হয়।আনহাতে,চীনা সৈন্যৰ আক্ৰমণত ভাৰতীয় সেনা বিষয়াৰ সৈতে ২০ জন জোৱান শ্বহীদ হয়।গেলৱান উপত্যকাত দিএক্সেলেচন প্ৰক্ৰিয়া চলি থাকোতে চীনা সৈন্যই লাঠী,লোহাৰ ৰ'ড আদিৰে আক্ৰমণ চলায়।কিছুদিনৰ ধৰি ভাৰত-চীন সীমান্তত উত্তেজনা অব্যাহত আছিল।উল্লেখ্য যে ৫০ বছৰত প্ৰথমবাৰৰ বাবে ভাৰত-চীন সীমান্তত ৰক্তপাত হয়।
- Log in to post comments
- 87 views