মহামাৰী ক'ৰ'নাৰ আতংকৰ মাজতে ইজৰাইলৰ পৰা আহিছে এটা ভাল খবৰ।দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী নাফটালী বেণেতে দাবী কৰা অনুসৰি 'ইজৰাইল ইনষ্টিটিউট অব বায়'ল'জিকেল ৰিছাৰ্চ' চমুকৈ (IIBR)-এ আৱিষ্কাৰ কৰিছে বিশ্বত্ৰাস ক'ৰ'নাক প্ৰতিৰোধ কৰিব পৰা এন্টিবডী।"মানৱ দেহত প্ৰৱেশ কৰা ক'ৰনা ভাইৰাছৰ আক্ৰমণ কৰি তাক নিষ্ক্ৰিয় কৰিব পৰা এন্টিবডী প্ৰস্তুত কৰা হৈছে আইআইবিআৰত"-এইদৰে ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
উল্লেখ যে মন্ত্ৰীগৰাকীয়ে সোমবাৰে ভ্ৰমণ কৰিছিল দেশখনৰ সেই বিশেষ লেবটো।
- Log in to post comments
- 13 views