'ৰিপাব্লিক টিভি'ৰ এডিটৰ ইন চিফ তথা অসম সন্তান অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নী সাম্যব্ৰতা ৰয় গোস্বামীৰ ওপৰত যোৱা নিশা(নিশা ১২-১৫ বজা,২৩ এপ্ৰিল)দুৰ্বৃত্তই আক্ৰমণ কৰে।গোস্বামী আৰু তেওঁৰ পত্নী ৰিপাব্লিক টিভিৰ মুম্বাইৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতেই মটৰ চাইকেলত অহা দুটা দুৰ্বৃত্তই অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নী আহি থকা গাড়ীখনৰ ওপৰত আক্ৰমণ সংঘটিত কৰে।অৰ্ণৱ গোস্বামীয়ে চলাই অহা গাড়ীখনত দুৰ্বৃত্তই আঘাত কৰাৰ লগতে জুলীয়া পদাৰ্থ ছটিয়াই দিয়ে।গোস্বামীক
অশ্লীল গালি-গালাজো কৰে দুৰ্বৃত্তই।পৰৱৰ্তী পৰ্যায়ত অৰ্ণৱ গোস্বামীৰ সুৰক্ষাত নিয়োজিত মুম্বাই আৰক্ষী বিষয়া আৰু ৰিপাব্লিক টিভিয়ে প্ৰদান কৰা সুৰক্ষা কর্মীয়ে দুৰ্বৃত্ত দুটাক কৰায়ত্ত কৰে।দুৰ্বৃত্ত দুটাই নিজকে যুৱ কংগ্ৰেছ কৰ্মী বুলি স্বীকাৰোক্তি দিয়ে।গোস্বামীক আক্ৰমণ কৰিবলৈ তেওঁলোকক কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই প্ৰেৰণ কৰিছিল বুলি দুৰ্বৃত্ত দুটাই উল্লেখ কৰে।ইয়াৰ পিছতে অৰ্ণৱ গোস্বামীয়ে তেওঁৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ বাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক জগৰীয়া কৰিছে।উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ পালঘৰত দুগৰাকী সাধুক উন্মত্ত এদল লোকে হত্যা কৰাৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ মৌনতাক লৈ আক্ৰমণৰ কেইঘণ্টামানৰ পূৰ্বৰ ৰিপাব্লিক টিভিৰ এটা অনুষ্ঠানত প্ৰশ্ন উত্থাপন কৰিছিল অৰ্ণৱ গোস্বামীয়ে।অৰ্ণৱ আৰু ৰিপাব্লিক টিভিৰে সম্পাদক তেওঁৰ পত্নীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।বহু সচেতন ব্যক্তিয়ে সামাজিক মাধ্যমত এই আক্ৰমণৰ ঘটনাৰ গৰিহণা দিছে।
- Log in to post comments
- 56 views