'লকডাউন' বৃদ্ধি সন্দৰ্ভত দেশবাসীক আজি সম্বোধন নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই স্পষ্ট কৰিছে এই কথা।উল্লেখ্য যে আজি নিশা ৮বজাত প্ৰধানমন্ত্ৰীয়ে লকডাউন বৃদ্ধি সন্দৰ্ভত দেশবাসীক সম্বোধন কৰিব বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰচাৰ হৈছিল।ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়াতো বিষয়টো প্ৰকাশ পাইছিল।ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য।
কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য ইতিমধ্যে এএনআইয়ে টুইটাৰত প্ৰকাশ কৰিছে।
গুৰুত্বপূৰ্ণ যে আজি দেশৰ মুখ্যমন্ত্ৰীসকলৰে লকডাউন বৃদ্ধিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৈঠকত মিলিত হৈছিল।
- Log in to post comments
- 103 views