মুখ্যমন্ত্ৰীসকলৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক সমাপ্ত: ১৪এপ্ৰিলৰ পৰা দুুুসপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা 

Narandra mudi PM

ক'ৰ'না ভাইৰাছ সংক্ৰমণ সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাৰি ঘন্টাৰ গুৰুত্বপূৰ্ণ বৈঠক সমাপ্ত হৈছে।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্ৰীসকলৰ পৰা মোডী অৱগত হয় তেওঁলোকৰ ৰাজ্যৰ ক'ভিড-১৯ৰ পৰিস্থিতিৰ।লকডাউনৰ ম্যাদ বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীসকলৰ পৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে মতামত গ্ৰহণ কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে মোডীক ৩০এপ্ৰিললৈ লকডাউন বৃদ্ধিৰ বাবে আহ্বান জনায়।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মানৱীয় দৃষ্টিভংগীৰে লকডাউন বৃদ্ধিৰ বাবে আহ্বান জনায়।

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে উদ্যোগ আৰু কৃষিখণ্ডক ৰেহাই প্ৰদান কৰি লকডাউন বৃদ্ধিৰ বাবে আহ্বান জনায়।

ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীক শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন বৃদ্ধিৰ বাবে আহ্বান জনায়।

গুৰুত্বপূৰ্ণ কথা এই যে উৰিষ্যা আৰু পঞ্জাবে ইতিমধ্যে নিজাকৈ বৃদ্ধি কৰিছে লকডাউন।

বৈঠকত অধিকাংশ মুখ্যমন্ত্ৰীয়ে লকডাউন বৃদ্ধি কৰাৰ পক্ষত মত পোষণ কৰাৰ বাবে ১৪ এপ্ৰিলৰ পৰা আৰু দুুুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত হৈছে।শীঘ্ৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব লকডাউন বৃদ্ধিৰ সিদ্ধান্ত। 

 

Your Comments