দেওবাৰে 'মন কি বাত' অনুষ্ঠানত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।এই সম্বোধনত প্ৰধানমন্ত্ৰীয়ে 'লকডাউন'ৰ সময়ত দেশবাসী,বিশেষকৈ দৰিদ্ৰ লোকসকলে কষ্ট ভোগ কৰিব লগীয়া হোৱাত সকলোৰে ওচৰত ক্ষমা বিচাৰে।এই সম্বোধনত প্ৰধানমন্ত্ৰীয়ে কয় যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা ভাৰতবাসীক ৰক্ষা কৰিবলৈ লকডাউনৰ দৰে কঠিন সিদ্ধান্ত জৰুৰী আছিল।প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যিসকলে লকডাউন উলংঘা কৰিছে,তেওঁলোকে নিজৰ জীৱনৰ সৈতে খেলা কৰিছে।
- Log in to post comments
- 43 views