'জনতাৰ কাৰ্ফিউ'ত স্তব্ধ বঙাইগাঁও

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ আহ্বান জনোৱা 'জনতাৰ কাৰ্ফিউ'ৰ প্ৰতি বঙাইগাঁওবাসীয়েও সঁহাৰি জনোৱা পৰিলক্ষিত হয়।যাৰ ফলত পুৱাৰে পৰা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে বঙাইগাঁও চহৰৰ জনজীৱন ৷ দোকান- পোহাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান,বজাৰ আদি বন্ধ থকাৰ লগতে বন্ধ থাকে যান-বাহনৰ চলাচল।জনশূন্য হৈ পৰে বাট-পথ। জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকৰ বাহিৰে সকলো লোক ঘৰৰ ভিতৰতে সোমাই থাকে।সমগ্ৰ বঙাইগাঁও জিলাখনতে এই পৰিৱেশ আছিল।সকলোৱে যেন বুজি উঠিছে যে এই মহামাৰীৰ সংক্ৰমণৰ পৰা মুক্ত হ'ব লাগিব ইফালে,বিয়লি পাঁচ বজাত অগ্নি নিৰ্বাপক বাহিনীৰ চাইৰেণ বজোৱাৰ লগে লগে লোকসকলে ৰাইজৰ সেৱাত দিনে নিশাই নিয়োজিত চিকিৎসক,স্বাস্থ্যকৰ্মী আৰু জৰুৰী সেৱাৰ লগত জড়িত অন্যান্য ব্যক্তিসকলক সন্মান জনোৱাৰ্থে নিজ ঘৰৰ দুৱাৰমুখত শংখ,ঘন্টা, কাঁহি-বাতি,বৰতাল,খোল,হাততালি আদি বজাই তেওঁলোকলৈ আন্তৰিক শ্ৰদ্ধা জনোৱাও পৰিলক্ষিত হয়।কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে এতিয়াও কিছুসংখ্যক লোকে যে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰা যে নাই,সেয়া ওলাই পৰে।এইহেন পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ অচিলা লৈ কিছুমান ঠাইত বিয়লি একাংশই শংখ,ঘণ্টা তথা হাততালি বজোৱাৰ বিপৰীতে ফটকাহে ফুটালে ৷ ক'ৰবাত আকৌ কিছুমান লোকে ঘৰৰ বাহিৰলৈ ওলাই আহি কাহি -বাতি,টেমা আদি বজাই চুবুৰীত সমদলহে উলিয়ালে।এনে একাংশ দ্বায়িত্বহীন লোকৰ কৰ্ম-কাণ্ডৰ বাবেই এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন বিভাগে যি সজাগতাৰ পদক্ষেপ লৈছে আৰু প্ৰচাৰ চলাই আছে,সেয়া সকলো অথলে যোৱাৰ আশংকাৰ সৃষ্টি হৈছে।লগতে তাৰ কুফল সেইসকলৰ লগতে আনেও ভুুুুগিব লাগিব।সেয়ে,এই মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰাৰ দৰকাৰ।তেতিয়াহে এই মহামাৰী প্ৰতিৰোধৰ বাবে দিনে-নিশাই ৰাইজৰ সেৱাত জড়িতসকলৰ কষ্ট সাৰ্থক হ'ব ৷

Your Comments