জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:
শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত মূঢ়াদল জিলা পৰিষদৰ উদ্যোগত দিনবন্ধু বেচৰকাৰী সন্থাৰ সহযোগত ২১ মাৰ্চৰ সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা কৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ "জনতা কাৰ্ফু" ৰ প্ৰতি ৰাইজক সজাগ কৰিবলৈ মূঢ়াদল গাঁও পঞ্চায়তৰ এলেকাসমুহত মাইকযোগে সজাগতাৰ আহ্বান জনোৱা হয় । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, দিনবন্ধু বেচৰকাৰী সন্থাৰ সভাপতি আৰু সম্পাদক আৰু উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন কমিটীৰ সম্পাদক।ৰঙাচকুৱা, টুপিয়া, বাকোলা, ধলাইবিল, মৰিসুতি, বামুনিপাম, চিলনীপাম, বালিজুৰী, ইটাখোলা, ভানুচক, খেৰবাৰী আদি অঞ্চলবোৰত সজাগতাৰ আহ্বান জনায় ।
- Log in to post comments
- 4 views