ক'ৰ'না ভাইৰাছৰ ভয়াৱহতা:ঐতিহাসিক শিৱদ'ল প্ৰাঙ্গণত দেশী-বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ 

Pic

শিৱসাগৰৰ প্ৰতিবেদক:

বিশ্বত ভয়াৱহ ৰূপ ধাৰণ কৰা মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি শিৱদ'ল উন্নয়ন পৰিষদে অনিৰ্দিষ্ট কাললৈ দ'লৰ প্ৰাঙ্গণত দেশী-বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত থকা শিৱদ'ল, বিষ্ণুদ'ল আৰু দেৱীদ'লত দৈনিক সহস্ৰাধিক  লোকৰ সমাগম ঘটে।বিশেষকৈ সোমবাৰে,বৃহস্পতিবাৰে পূজা -অৰ্চনা কৰাৰ বাবে পুৱাৰ ভাগতেই দ'ল প্ৰাঙ্গণত কেইবাশতাধিক পুৰুষ মহিলা সমবেত হয়।তদুপৰি,প্ৰতি সন্ধিয়া চহৰৰ ব্যৱসায়ীসকলে দোকান-বজাৰ বন্ধ কৰি দ'ল চৌহদত পূজা-অৰ্চনাৰ বাবে ভিৰ কৰে।এনে পৰিপ্ৰেক্ষিতত ক'ৰ'না ভাইৰাছ সংক্ৰমণ হোৱাটো নিতান্তই স্বাভাৱিক।যাৰ বাবে অসম চৰকাৰৰ নিৰ্দেশ পালন কৰি শনিবাৰৰ পৰা দলৰ চৌহদত সকলোৱে প্ৰৱেশ নিষিদ্ধ কৰিলে।শনিবাৰে দ'ল চৌহদত উন্নয়ন পৰিষদে এখন বেনাৰ লগাই নিষোধাজ্ঞা জাৰি কৰে।এই সময়ছোৱাত কোনো লোক প্ৰৱেশ কৰি দ'ল তিনিটাত পূজা-অৰ্চনা কৰিব নোৱাৰিব।চৰকাৰৰ পৰৱৰ্তী আদেশ নহা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।

Your Comments