দেশত দেওবাৰে পুনৰ দুগৰাকী ব্যক্তিৰ ক'ৰ'না আক্ৰান্ত হৈ মৃত্যু হয়।এগৰাকী লোকৰ মুম্বাইত মৃত্যু হোৱাৰ পিছতে বিহাৰৰ পাটনাত অন্য এগৰাকী আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়।সেই অনুসৰি ৬ জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা।
বিহাৰৰ মৃত ব্যক্তিগৰাকী হৈছে ৰোহিত কুমাৰ সিং(৩৮)।
উল্লেখ যে এই পৰ্যন্ত দেশত ৩৪৮ গৰাকী লোক ক'ৰ'না ভাইৰাছত আক্ৰান্ত হৈছে।মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৩ গৰাকী আৰু দ্বিতীয়তে কেৰেলাত ৫২গৰাকী লোক আক্ৰান্ত হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে অসমত এই পৰ্যন্ত কোনো ব্যক্তি ক'ৰ'না আক্ৰান্ত হোৱা নাই
- Log in to post comments
- 11 views