সুখবৰ:ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধত সফলতা ক্ষুদ্ৰ দেশ ছিংগাপুৰৰ

Pic

চীনৰ পিছতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বহুলাংশে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ল ক্ষুদ্ৰ দেশ ছিংগাপুৰে।উল্লেখ্য যে আক্ৰান্ত হোৱা লোকৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত চীনৰ পিছতে স্থান আছিল ছিংগাপুৰৰ।দেশখনত যথেষ্টসংখ্যক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল।যেতিয়া,৮০ জন ব্যক্তি ছিংগাপুৰত ক'ৰ'না আক্ৰান্ত হৈছিল,তেতিয়াই দেশখনৰ চৰকাৰে সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।এনে ব্যৱস্থাৰ সুফল হিচাপেই দেশখনত বৰ্তমান ১১৭ গৰাকী আক্ৰান্ত ব্যক্তি সম্পূৰ্ণৰূপে আৰোগ্য হৈছে।১৯৬ গৰাকী লোকৰ চিকিৎসা চলি আছে।ইয়াৰ ভিতৰত ১৪ গৰাকী লোকৰ অৱস্থা গুৰুতৰ।

Your Comments