'য়েছ বেংক'ৰ গুৰুতৰ সংকট:জমা ধন ঘূৰাই নোপোৱাৰ চিন্তাত উদ্বিগ্ন গ্ৰাহক

Pic

গভীৰ হৈছে 'য়েছ বেংক'ৰ সংকট।প্ৰচুৰ ঋণৰ বোজাত ডুবিবলৈ ধৰা বেংকটোৰ পৰা গ্ৰাহকে অহা এমাহৰ বাবে মাত্ৰ ৫০,০০০ টকালৈকেহে ধন উলিয়াব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছত সমগ্ৰ দেশত বেংকটোৰ এটিএমত মাজনিশাও গ্ৰাহকৰ অত্যধিক ভীৰ পৰিলক্ষিত হয়।য়েছ বেংকত জমা থোৱা কষ্টৰ ধন ওভতাই নাপাব বুলি গ্ৰাহকসকল যথেষ্ট আতংকিত হৈ পৰিছে।

Your Comments