
দিল্লীত ক'ৰ'না ভাইৰাছত আক্ৰান্ত এজন লোকৰ সংস্পৰ্শলৈ উত্তৰ প্ৰদেশৰ নয়ডাৰ দুটা পৰিয়াল অহাৰ পিছত ৰাজ্যখনতো ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি আশংকা কৰা হৈছে।উল্লেখযোগ্য যে ইটালীৰ পৰা অহা দিল্লীৰ আক্ৰান্ত ব্যক্তিজনে দিল্লীৰ হায়াত হোটেলত যোৱা ২৮ ফেব্ৰুৱাৰীত আয়োজন কৰা এটা পাৰ্টীত নয়ডাৰ উক্ত পৰিয়াল দুটাই অংশগ্ৰহণ কৰিছিল।এতিয়া এই লোকসকলক আইছ'লেচন ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰা হৈছে,তেওঁলোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে।আনহাতে,হায়াত হোটেলত পাৰ্টীৰ দিনা হোটেলত যিসকল কৰ্মচাৰী উপস্থিত আছিল,তেওঁলোকক নিজাববীয়াকৈ আন মানুহৰ সংস্পৰ্শলৈ নহাকৈ ১৪ দিন থাকিবলৈ দিয়া হৈছে।ইফালে,তেলেংগানাতো এজন লোক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে।
- Log in to post comments
- 18 views