দিল্লীৰ শেহতীয়া হিংসাত উন্মত্ত দলৰ সদস্য হৈ আৰক্ষীলৈ গুলী চলোৱা আৰু আৰক্ষীক গুলীয়াবলৈ উদ্যত হোৱা শ্বাহৰূখ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।২৪ ফেব্ৰুৱাৰীত গুলী বর্ষণ কৰা এই ২৩ বছৰীয়া উগ্ৰ যুৱকজনক উত্তৰ প্ৰদেশৰ ছামলীৰ পৰা গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই।উল্লেখযোগ্য যে দিল্লী হিংসাৰ এটা অগ্ৰহণীয় প্ৰতীক হৈ পৰিছিল শ্বাহৰূখ।উল্লেখযোগ্য যে দিল্লীৰ ওছমানপুৰ নিবাসী অপৰাধী প্ৰবৃত্তিৰ যুৱকজন বিগত ৯ দিন ধৰি পৰিয়ালৰ সৈতে পলাতক অৱস্থাত আছিল।
- Log in to post comments
- 27 views