আমেৰিকাতো ক'ৰ'নাৰ প্ৰাদুৰ্ভাৱ:দুজনৰ মৃত্যু,৮৯ গৰাকী লোক আক্ৰান্ত

Pic

চীনৰ পিছত বিশ্বৰ এখনৰ পিছত এখন দেশলৈ বিয়পিছে ক'ৰ'না ভাইৰাছ।ইতিমধ্যে,সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,০০০ অতিক্ৰম কৰিছে।ইউৰোপৰ গ্ৰেট ব্ৰিটেইন,ইটালী,জাৰ্মানী প্ৰভৃতি দেশত বহু লোক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত চিকিৎসাধীন হোৱাৰ সময়তে আমেৰিকাতো প্ৰতি দিনেই মানুহ আক্ৰান্ত হৈছে।আমেৰিকাত ইতিমধ্যে দুজন লোকৰ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত মৃত্যু হৈছে।ৱাছিংটন,ফ্ল'ৰিদা,নিউয়ৰ্কত একাংশ লোক চিকিৎসাধীন হৈছে।সমগ্র আমেৰিকাত এতিয়ালৈকে ৮৯ গৰাকী নাগৰিক ক'ৰ'নাৰ সংক্ৰমণত চিকিৎসাধীন হৈছে।আমেৰিকাৰ বহু অঞ্চলত এতিয়া জনতাৰ মাজত ব্যাপক ক'ৰ'না আতংকৰ সৃষ্টি হৈছে।

Your Comments