যোৱা ২২ আগষ্টত ফিলিপাইনছৰ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ চমুকৈ 'ইৰি'ৰ সঞ্চালক প্রধান ডঃ মেথিও মোৰেল, দক্ষিণ এছিয়াৰ সঞ্চালক ডঃ ইউ এছ সিং আৰু দক্ষিণ এছিয়াৰ সমন্বয়ক ডঃ সুধাঙছো সিঙে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক এম এছ মনিভান্নান, এৰিয়াছ ছ'চাইটীৰ ৰাজ্যিক আঁচনি সঞ্চালক বিনোদ শেষাণ,
উদ্যান শস্য আৰু সংসাধন বিভাগৰ সঞ্চালক প্ৰবীণ হাজৰিকা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ এ ভট্টাচাৰ্যই এপাৰ্টৰ প্ৰাৰম্ভিক আলোচনাত মিলিত হয় । ডঃ মেথিওৱে ইৰিৰ নতুন প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে জীৱন ধাৰণৰ মানদণ্ডৰ বাবে বিভিন্ন অনুষ্ঠানৰ স'তে একেলগে কাম কৰাৰ কথা দোহাৰে ।
অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন দেশত কৃতকাৰ্যতাৰে ৰূপায়ণ হোৱা বিভিন্ন আঁচনিৰ আলমত কাম কৰি যোৱাৰ পোষকতা কৰে । লগতে খাদ্যৰ বিভিন্ন উপাদান যেনে জিং-ক আৰু আইৰণ থকা ধানৰ জাত, বানপানী বা খৰাং সহনশীল ধানৰ জাত উদ্ভাৱনৰ কথাও কয় ।
তেওঁৰ বক্তব্যত অসমৰ ধানৰ জাতসমূহ আন্তৰ্জাতিক ক্ষেত্ৰখনত চিনাকি কৰি দিয়াৰ পোষকতা কৰে । এপাৰ্টৰ পৰা পোৱা সহায়-সহযোগক তেওঁ ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতেও সহায়-সহযোগিতা কামনা কৰে ।
কৃষি বিভাগৰ সঞ্চালক এম এছ মনিভান্নানে বানপানী, খৰাং, পোক-পতংগ, বেমাৰ প্ৰতিৰোধী বিভিন্ন প্ৰযুক্তিৰ বাবে ইৰিৰ সহযোগিতা কামনা কৰে । এৰিয়াছ ছ'চাইটীৰ আঁচনি সঞ্চালক বিনোদ শেষাণে কৃষিভূমি কমি অহা কথা দোহাৰে আৰু ধানৰ ক্ষেত্ৰত কিদৰে উদ্যমী হ'ব পাৰে তাৰ আভাষ দিয়াৰ লগতে উৎকৃষ্ট মানদণ্ডৰ টেষ্টিং লেব'ৰেটৰী স্থাপন কৰিবৰ বাবে ইৰিৰ সহযোগ কামনা কৰে ।
উল্লেখ্য যে ডঃ মেথিওৱে তেওঁৰ চাৰিদিনীয়া অসম ভ্ৰমণকালত অসম চৰকাৰৰ বিভিন্ন বিষয়া আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়াবৰ্গৰ লগত মিলিত হ'ব ।
- Log in to post comments
- 22 views