'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বিৰোধী প্ৰতিবাদত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিক গ্ৰেপ্তাৰ।দিছপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা যুৱ কংগ্ৰেছৰ নেতাগৰাকী হৈছে কামৰুল ইছলাম চৌধুৰী। উল্লেখ্য,যোৱা ১১ডিচেম্বৰত 'কা'ৰ বিৰোধিতাৰে দিছপুৰৰ ধ্বংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।দিছপুুৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰৰ ভিত্তিত থানালৈ সোধ-পোচৰ বাবে মাতি আনি চৌধুৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে কংগ্ৰেছৰ এটা বিশেষ সূত্ৰই।
আনহাতে শুকুৰবাৰে আদালতত যুৱ কংগ্ৰেছৰ নেতাগৰাকীক হাজিৰ কৰোৱা হ'ব।
গুৰুত্বপূৰ্ণ কথা এই যে অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঘটনা সংঘটিত হোৱাৰ কেইদিনমানৰ পিছতে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি আন্দোলনৰ নামত দিছপুৰৰ ধনাত্মক কাৰ্যত কামৰুল জড়িত থকাৰ অভিযোগ তুলি ফটো প্ৰদর্শন কৰিছিল।
- Log in to post comments
- 35 views