ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণত মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড।মহানগৰীৰ ৱায়াৰলেছ বশিষ্ঠপুৰৰ এক নম্বৰ উপ-পথৰ তুষাৰ গোস্বামী আৰু শিল্পী গোস্বামীৰ ঘৰত বৃহস্পতিবাৰে সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৰ্মান্তিকভাৱে মৃত্যুক আঁকোৱালি লয় গোস্বামী দম্পত্তিৰ দুই শিশু সন্তান ক্ৰমে ঈশান গোস্বামী(৪) আৰু ইবন গোস্বামী(৭)য়ে।নিহত শিশু দুটি শ্ৰীমন্ত শংকৰদেৱ একাডেমিৰ ছাত্ৰ।পিতৃ-মাতৃৰ ঘৰত নথকা সময়ত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।মুহূৰ্ততে জুই লেলিহান শিখাই ঘৰটো আৱৰি ধৰাত দুৰ্ভগীয়া শিশু দুটি ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন আৰু আপদকালীন সেৱাকর্মী উপস্থিত হৈছিল যদিও শিশু দুটিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল।নিহত শিশু দুটিৰ পিতৃ তুষাৰ গোস্বামী এগৰাকী ভূ-তত্ত্ববিদ।
- Log in to post comments
- 59 views